Thursday, May 30, 2024

অসমীয়া নিচুকনি গীত

(১)
শিয়ালী এ' নাহিবি ৰাতি 
তোৰে কাণে কাটি লগামে বাতি 
শিয়ালীৰ মুৰতে মৰুৱা ফুল 
শিয়ালী পালেগৈ ৰতনপুৰ।

(২)
আমাৰে মইনা শুব এ' 
বাৰীতে বগৰী ৰুব এ' 
বাৰীৰে বগৰী পকি সৰি যাব
 আমাৰে মইনাই বুটলি খাব।

(৩)
লাই হালে-জালে আবেলি বতাহে 
লফা হালে-জালে পাতে, 
আমাৰে মইনা হালিছে-জালিছে 
কালি দুপৰৰে ভাতে।

(৪)
টোপনি এ' তোৰে কলাতলত ঘৰ 
সকলো ৰাইজৰ টোপনি আহি 
মইনাৰ চকুতে ধৰ।

(৫)
ই বোলে কাণখোৱা 
সি বোলে কাণখোৱা 
কাণখোৱাই কিনো কাম কৰে,
হাতত নগা যাঠি
কানত ৰঙা ছাতি
ল'ৰাৰ কাণে খাই ফুৰে।

(৬)
কাণখৱা এ নাহিবি ৰাতি 
তোৰে কাণ কাটি লগামে চাতি, 
চাতি নুমাল, বাতি নুমাল 
বাপাই দেখে আন্ধাৰ, 
দুৱাৰ মুখত বহি আছে 
ভকোমুলুৱা বান্দাৰ।

No comments:

Post a Comment

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

  য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’          অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল–...