Monday, June 3, 2024

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

 

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

 


       অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল– য়েছে দৰজে ঠংচি৷ ছাত্ৰ জীৱনৰ পৰা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি অহা ঠংচিৰ প্ৰকাশিত উপন্যাসসমূহ হ’ল–চনম [১৯৮১], লিংঝিক [১৯৮৩], মৌনওঁঠ মুখৰ হৃদয় [২০০০], শৱ কটা মানুহ [২০০৪], বিষকন্যাৰ দেশত [২০০৬], মিছিং[২০০৮] আৰু মই আকৌ জন্ম ল’ম [২০১১]৷ ‘মৌন ওঁঠ মুখৰ হৃদয়’ হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচল প্ৰদেশৰ ছেৰদুক্‌পেন [ভূটীয়া] আৰু ডফলা[নিচি] জনজাতীয় পটভূমিৰ এখন সাৰ্থক উপন্যাস৷ এই উপন্যাসখনৰ বাবেই তেখেতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ আৰু ২০০৫ চনত সাহিত্য অকাডমী বঁটা লাভ কৰিছিল৷ উল্লেখ্য যে, ২০০১ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰথম সংস্কৰণ প্ৰকাশ পোৱা এই উপন্যাসখন ১৯৯১ চনতে ‘প্ৰান্তিক’ আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশিত হৈছিল৷

       উপন্যাসখনৰ পটভূমি স্বাধীনতাৰ পৰৱর্তী সময়ৰ উত্তৰ-পূৱ সীমান্ত অঞ্চল[নেফা] অর্থাৎ অৰুণাচল প্ৰদেশৰ প্ৰশাসনিক ব্যৱস্থা৷ ভাৰত চৰকাৰে পিছপৰি থকা এই অঞ্চলত প্ৰশাসন ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ অৰুণাচল প্ৰদেশৰ বিভিন্ন সদৰ ঠাইসমূহৰ সৈতে ভৈয়ামক সংলগ্ন কৰাৰ উদ্দেশ্যে আলিবাট নির্মাণৰ আঁচনি গ্ৰহণ কৰিছিল৷ সেই অনুসৰি চাকুৰ পৰা ব’মডিলালৈকে বাট নির্মাণৰ কাম হৈছিল৷ তাৰে এটা অতি কঠিন অংশৰ পথ নির্মাণৰ দায়িত্ব পৰিল মহৰী দিলীপ শইকীয়াৰ ওপৰত৷ সমান্তৰালভাৱে এই কামৰ বাবে পাহাৰৰ স্থায়ী বাসিন্দাসকলকে নিয়োগ কৰা হ’ল৷ প্ৰত্যেক গাঁৱৰে প্ৰতিঘৰ মানুহৰে একোজনকৈ সদস্যই এই কামত অংশ কৰাটো বাধ্যতামূলক কৰা হৈছিল৷ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বান্ধোন স্বৰূপ এই আঁচনিৰ ৰূপায়নেই উপন্যাসখনৰ মূল উপজীৱ্য৷ ভিন ভিন জনজাতীয় সমাজৰ সামাজিক ৰীতি-নীতি, পৰস্পৰৰ মাজৰ বাধাৰ প্ৰাচীৰস্বৰূপ ভাষিক সমস্যা, র্বোপৰি বিজাতীয় প্ৰেমৰ কৰুণ আলেখ্যই উপন্যাসখনত এক নিটোল কাহিনীৰ ৰূপ পৰিগ্ৰহ কৰিছে৷

       উপন্যাসখনৰ কাহিনী অনুসৰি চৰকাৰী প্ৰচেষ্টাত অৰুণাচলৰ চাকু পর্বতৰ দুৰ্গম পাহাৰৰ থিয় গৰা খহাই তাৰ ঠাইত পথ নিমাৰ্ণৰ কাম আৰম্ভ হৈছে৷ ঈগল নেষ্টত মহৰী দিলীপ শইকীয়াৰ তত্ত্বাৱধানত চেপ্‌লাৰ পৰা অহা ডফলা[নিচি] ডেকা-গাভৰুৰ লগ লাগিছেহি ছেৰদুকপেন দলটো৷ আদিতে এটা জনজাতিয়ে আনটো জনজাতিক সন্দেহৰ চকুৰে চাইছিল, ঘৃণা বা ভয় কৰিছিল৷ কিন্তু পৰৱর্তী সময়ত দিলীপ শইকীয়াই নাচ-গান গাই, হাঁহি-ধেমালি মাজেৰে ক্ৰমে দল দুটাৰ মাজত থকা অবিশ্বাস, সংশয় আঁতৰ কৰি তেওঁলোকৰ মাজত এনাজৰী দৃকৰাৰ এখন স্পষ্ট ছবি উপন্যাসখনত অংকিত হৈছে৷ আলিবাট নিমাৰ্ণৰ জৰিয়তে ভৈয়ামৰ সৈতে পাহাৰ সংযোগ কৰাৰ সমান্তৰালভাৱে পাহাৰীয়া জনজাতিসমূহৰ মাজত সদ্ভাৱ-সম্প্ৰীতিৰ এনাজৰীৰে বন্ধাটোৱেই চৰকাৰৰ উদ্দেশ্য আছিল৷ ৰাস্তা নিমাৰ্ণৰ লগত জড়িত সকলো কৰ্মচাৰীৰ আগত এবাৰ বৰচাহাবে দিয়া তাৎপৰ্যপূৰ্ণ বক্তব্যটোকে উপন্যাসখনৰ মূল বক্তব্য বুলিব পাৰি

আমি অকল পাহাৰ কাটি কাটি পথ নির্মাণ কৰাই নহয়, পাহাৰীয়া জনজাতিসকলৰ মনৰ পাহাৰ কাটিও বাট নিমাৰ্ণ কৰিব লাগিব৷ একেখন পাহাৰত থাকিও এতিয়াও ইটো জনজাতিয়ে সিটো জনজাতিক চিনি নাপায়, চিনি পালেও যুগ যুগৰ পৰা সিহঁতৰ মাজৰ শত্ৰুতাৰ কাৰণে এতিয়াও ইটোৱে সিটোক সন্দেহৰ চকুৰে চায়, আগবাঢ়ি আহি মিলিব নিবিচাৰে৷ এই ৰাস্তা নির্মাণৰ সময়ত আমি বেলেগ বেলেগ জনজাতিক একে লগে ৰাখি একে লগে কাম কৰাই সিহঁতৰ পৰস্পৰ ওপৰত থকা সন্দেহ গুচাব লাগিব, সিহঁতৰ মাজত মিলা-প্ৰীতিৰে ভাই-বন্ধু সম্পৰ্ক গঢ়ি তুলিব লাগিব৷”[পৃ. ৩৪]

       উপন্যাসখনত ঔপন্যাসিকে সামাজিক ৰীতি-নীতিৰ ঊর্ধত এক নিৰ্মল প্ৰেমৰ ছবি অংকন কৰিছে৷ ত্ৰিকোণীয়া প্ৰেমৰ নাটকীয় পৰিঘটনাই উপন্যাসখনৰ কাহিনীটোক এক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে৷ কাহিনীভাগ আগবাঢ়িছে ছেৰদুক্‌পেন দলৰ চৰ্দাৰ ৰিনচিন নৰবু আৰু বাংনি দলৰ যুৱতী য়ামাৰ প্ৰেম-প্ৰণয় মাজেৰে৷ কিন্তু চিৰিং জাংমুৰ সৈতে বৈবাহিক সম্পৰ্ক নিশ্চিত হৈ থকা ৰিনচিন আৰু ৰিমো ডেকা তামানৰ সৈতে বিয়া বন্দৱস্ত হৈ থকা য়ামাৰ প্ৰেমৰ পথ সুচল নাছিল৷ জীৱনৰ সহজ দাবীৰ পৰিপ্ৰেক্ষিততে ৰিনচিন আৰু য়ামাৰ মনৰ মিলন হৈছে৷ প্ৰেমৰ দাবীৰ বশৱর্তী হৈ ৰিনচিন আৰু য়ামাই দেহে-মনে ইজনে সিজনক গ্ৰহণ কৰিলেও সমাজক প্ৰত্যাহ্বান জনোৱাৰ সাহস নাই য়ামাৰ ককায়েক তাদাকৰ৷ শেষত য়ামাই ৰিনচিনলৈ পলাই যোৱাৰ সিদ্ধান্ত লোৱাত তাদাকৰ পৰামৰ্শমতেই জোৰ কৰি য়ামাক দৰা ঘৰলৈ লৈ যোৱা হয় আৰু ৰিনচিনেও চিৰিং জাংমুক আকোঁৱালি লয়৷

অৰুণাচল প্ৰদেশৰ ছেৰদুকপেন আৰু ডফলা [বাংনি] জনজাতীয় জীৱন আধাৰিত হোৱা হেতুকে ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাসখনত জনজাতি দুটাৰ সমাজ-সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে৷ সেইফালৰ পৰা উভয় জনজাতিৰে সামাজিক-সাংস্কৃতিক দিশ, যেনে: লোকবিশ্বাস-লোকাচাৰ, ৰীতি-নীতি, খাদ্যভাস, সাজ-পাৰ, আ-অলংকাৰ, নৃত্য-গীত; আদিৰ বিষয়ে উপন্যাসখনৰ জৰিয়তে সম্যক পৰিচয় লাভ কৰিব পাৰি৷

একোখন সমাজ বৰ্তি থাকিবলৈ এটা অতি প্ৰয়োজনীয় উপাদান হ’ল ভাষা; যি একোটা জনসমষ্টিক সংগঠিত কৰি ৰখাত সহায় কৰে৷ ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাসখনৰ ভাষিক দিশটোও অতি বৈচিত্ৰ্যপূৰ্ণ৷ ঔপন্যাসিকে কাহিনী বৰ্ণনাৰ বাবে শুদ্ধ অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে স্তৰ অনুসৰি চৰিত্ৰসমূহৰ মুখত বেলেগ বেলেগ ধৰণৰ ভাষাৰ ব্যৱহাৰ কৰাইছে৷ কাহিনী অনুসৰি, পথ নিৰ্মাণৰ বাবে ছেৰদুকপেন, বাংনি আদি জনজাতিৰ ভিন্ন ভাষী লোকে আহি একগোট হৈছে৷ কিন্তু তেওঁলোকে পৰস্পৰে পৰস্পৰৰ ভাষা বুজি নাপায়৷ সেয়ে তেওঁলোকে কাম-কাজ পৰিচালনাৰ সুবিধাৰ বাবে আৰু ভাবৰ আদান-প্ৰদান কৰিবলৈ সকলোৰে কম-বেছি পৰিমাণে পৰিচিত ভৈয়ামৰ অৰ্থাৎ অসমৰ অসমীয়া ভাষাটোৰ সহায় লৈছে৷ কিন্তু তেওঁলোকে ব্যৱহাৰ কৰা ভাষাটো অসমীয়া ভাষাৰ মান্যৰূপ নহয়৷ তেওঁলোকে অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁতে অসমীয়া ভাষাৰ সহজ-সৰল বা ভঙা ভঙা শব্দবোৰৰ লগত বাংলা, হিন্দী, ইংৰাজী আৰু নিজা জনজাতীয় ভাষাৰ বিভিন্ন শব্দৰ সংমিশ্ৰণ ঘটাইছে৷ ফলত অসমীয়া ভাষাৰ এটা কৃত্ৰিম সংযোগী ৰূপ গলৈ উঠিছে৷

       একবিংশ শতিকাত প্ৰকাশিত জনজাতীয় পটভূমিৰ অসমীয়া উপন্যাসসমূহৰ ভিতৰত এখন জনপ্ৰিয় উপন্যাস হৈছে য়েছে দৰজে ঠংচিৰ ‘মৌন ওঁঠ মুখৰ হৃদয়’৷ ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাসখনত ছেৰদুক্‌পেন আৰু ডফলা সমাজ-সংস্কৃতিৰ বিভিন্ন দিশ; যেনে সামাজিক ৰীতি-নীতি বা বান্ধোন, লোকাচাৰ-লোকবিশ্বাস, উৎসৱ-অনুষ্ঠান, খাদ্যাভাস, সাজ-পাৰ, আ-অলংকাৰ ইত্যাদিৰ প্ৰতিফলন ঘটিছে৷ তদুপৰি, জনজাতীয় ভাষাৰ কলাত্মক প্ৰয়োগে উপন্যাসখনক সাৰ্থক জনজাতীয় উপন্যাসৰ শাৰীত স্থান দিছে৷ মুঠৰ ওপৰত, জনজাতীয় সমাজ-সংস্কৃতিৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত ঔপন্যাসিকে সফলতাৰ দাবী কৰিব পাৰে৷

আলোচনা : দীপজ্যোতি বৰা (গৱেষক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

No comments:

Post a Comment

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

  য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’          অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল–...