Saturday, June 26, 2021

অসমীয়া চুটিগল্পৰ উৎপত্তি আৰু বেজবৰুৱাৰ চুটিগল্প

চুটিগল্প একেবাৰে আধুনিক যুগৰ সৃষ্টি। পৃথিৱীৰ কোনো ভাষাৰ প্ৰাচীন সাহিত্যতে চুটিগল্পৰ দৰে সাহিত্যিক ৰূপৰ ধৰা নাছিল। অসমৰ প্ৰেক্ষাপটত আধুনিক যুগৰ সূচনা হয় ১৮২৬ চনত। এই চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায় আৰু তাৰ পাছৰ পৰা অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ সমানে সমানে ভাষা-সাহিত্যৰ ক্ষেত্ৰতো আধুনিকতাৰ প্ৰভাৱ পৰে।


        অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত আধুনিক যুগ আৰম্ভ হয় ১৮৪৬ চনত ''অৰুনোদই' (অৰুনোদয়) প্ৰকাশৰ যোগেদি। অৰুনোদই আছিল অসমীয়া ভাষাৰ প্ৰথম কাকত-আলোচনী। ইয়াত দেশ বিদেশৰ বাতৰিৰ লগতে কবিতা, প্ৰবন্ধ, জীৱনী, ভ্ৰমণ ৰচনা, ধৰ্ম তথা বিজ্ঞান সম্পৰ্কীয় লেখা আদি প্ৰকাশিত হৈছিল। যদিও চুটিগল্প জন্ম অৰুনোদইৰ পাতত নহয়।
            অসমীয়া চুটিগল্পৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত 'জোনাকী' কাকতৰ যোগেদি। ১৮৮৯ চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱা জোনাকী আলোচনীৰ তৃতীয় বছৰ তৃতীয় সংখ্যাত প্ৰকাশ পোৱা 'সেউতী' গল্পটোৱে আছিল প্ৰথম অসমীয়া চুটিগল্প। উল্লেখযোগ্য যে, পাশ্চাত্যৰ আদৰ্শত গঢ় লৈছে যদিও অসমীয়া চুটিগল্পৰ জন্মৰ আঁৰত বঙলা চুটিগল্পৰ অৱদানো একেবাৰে নুই কৰিব নোৱাৰি। 
         ঊনবিংশ শতিকাৰ শেষৰ দশকত জন্ম লাভ কৰা অসমীয়া চুটিগল্পই বৰ্তমান সময়লৈকে এটা বৰ্ণাঢ্য ইতিহাস পাৰ কৰিছে। চুটিগল্পৰ এই ইতিহাসক বিশেষত্ব আৰু পৰিবৰ্তন অনুসৰি সমালোচকসকলে চাৰিটা যুগত ভাগ কৰিছে। সেইকেইটা হল― 
 ১/ জোনাকী বা বেজবৰুৱাৰ যুগ(আৰম্ভণিৰ পৰা ১৯২৯ চনলৈ) 
 ২/ আৱাহন যুগ(১৯২৯ৰ পৰা স্বাধীনতা সময়লৈ)
 ৩/ ৰামধেনু যুগ (১৯৫০–১৯৮০) 
 ৪/ উত্তৰ ৰামধেনু বা সাম্প্ৰতিক কাল (১৯৮০-বৰ্তমানলৈকে) 
  লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প :
            আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাত মুখ্য ভূমিকা গ্ৰহণ কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ প্ৰথম গল্পকাৰ। 'সেউতী' আৰম্ভ কৰা তেখেতৰ গল্পধাৰাই পৰৱৰ্তী সময়ত এক বুজন সংখ্যক গল্প ৰচনা কৰে। অৱশ্যে স্বীকাৰ কৰিব লাগিব যে, তেখেতৰ উদ্দেশ্য গল্পকাৰ হিচাপে খ্যাতি অর্জন কৰা নাছিল। তেখেতৰ উদ্দেশ্য আছিল আধুনিক অসমীয়া সাহিত্যত ন ন ধাৰাৰ আৰম্ভ কৰা, যি পৰৱৰ্তী সময়ত পত্রে পুষ্পে বিকশিত হৈ সাহিত্যৰ ভঁৰাল চহকী কৰিব।
       পৰৱৰ্তী সময়ত বেজবৰুৱাৰ চাৰিখন গল্প সংকলন প্ৰকাশ পায়। সেইকেইখন হল― সুৰভি(১৯০৯), কেঁহোকলি, জোনবিৰি আৰু সাধু কথাৰ কুঁকি। তেখেতৰ 'সুৰভি'য়েই অসমীয়া সাহিত্যৰ প্ৰথম গল্প সংকলন। বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত ― সেউতী, ভদৰী, কন্যা, পাতমুগী, পণ্ডিত মহাশয়, ধোঁৱাখোৱা, ভেমপুৰীয়া মৌজাদাৰ, ইত্যাদি গল্পৰ নাম সততে চৰ্চিত হৈ থাকে।
  বেজবৰুৱাৰ গল্পৰ বিশেষত্ব:― 
 (ক) বেজবৰুৱাৰ চুটিগল্পসমূহত সাধুকথাৰ প্ৰভাৱ অত্যন্ত বেছি। এনে লাগে যে তেওঁ চুটিগল্প আৰু সাধুকথাৰ মাজৰ বৰ বিশেষ পাৰ্থক্য ৰখা নাছিল। সেইবাবেই হয়তো তেখেতে নিজৰ এখন গল্পসংকলনৰ নাম দিছে 'সাধু কথাৰ কুঁকি'।
 (খ) সাধুকথাৰ দৰে বেজবৰুৱাৰ গল্পত ব্যক্তিচেতনাৰ পৰিৱৰ্তে এটা সামূহিক চেতনা পোৱা যায়। 
 (গ) বেজবৰুৱাই গল্পসমূহৰ যোগেদি সমসাময়িক অসমীয়া সমাজৰ ভণ্ডামী, দুৰ্নীতি পৰায়নতাক সংস্কাৰধৰ্মী মনোভাৱেৰে বিদ্ৰুপ কৰিছিল।
 (ঘ) সংস্কাৰধৰ্মী হোৱাৰ বাবে বা ব্যংগাত্মক হোৱাৰ বাবে বেজবৰুৱাৰ চুটিগল্পত চৰিত্ৰৰ মনোবিশ্লেষণৰ অভাৱ ঘটিছিল।
 (ঙ) বেজবৰুৱাৰ গল্পৰ কাহিনী বিন্যাসো যথেষ্ট শিথিল পৰিলক্ষিত হয়। 
         বেজবৰুৱাৰ সমুখত অসমীয়া চুটিগল্পৰ কোনো আদৰ্শ নথকাৰ বাবেই এনে দোষ-ত্ৰুটিপূৰ্ণতা থকাটো স্বাভাৱিক। কিন্তু এটা কথা নকলে নহব যে, পাশ্চাত্য আৰু বঙলা চুটিগল্পৰ পৰা প্ৰেৰণা লৈ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ এই ধাৰাটি শুভাৰম্ভ নকৰা হলে, হয়তো অসমীয়া চুটিগল্পৰ জন্মৰ বাবে আমি বহু সময় অপেক্ষা কৰিবলগীয়া হ'লহেতেন।


© দীপজ্যোতি বৰা, গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

অধিক জানিবলৈ চাওক― 
১/ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত―সত্যেন্দ্ৰনাথ শৰ্মা
২/ অসমীয়া সাহিত্যৰ ৰূপৰেখা― মহেশ্বৰ নেওগ
৩/ অসমীয়া সাহিত্যত দৃষ্টিপাত― হেমন্ত কুমাৰ শৰ্মা
৪/ অসমীয়া চুটিগল্প: ঐতিহ্য আৰু বিৱৰ্তন ― অপূৰ্ব বৰা(সম্পাদনা) 
৫/ অসমীয়া চুটিগল্পৰ অধ্যয়ন― প্ৰহ্লাদ কুমাৰ বৰুৱা

No comments:

Post a Comment

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

  য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’          অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল–...