(১)
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধে ৰন্ধে তুলি সুৰ
বাজে মন-বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ!
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোল মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে?
(২)
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা।
পূৰাবানে প্রিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা?
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা।
শূন্য মোৰ বুকু হ'ল যে উকা।
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় নে কাটি
কাহানিও মুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায়।
এই জনমৰ গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত আঁকা।
(৩)
লগন উকলি গ'ল
তেও যে নহ'ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।
কিমান হেঙুলি ঊষা
কিমান জোনালী নিশা
মিছাতেই গ'ল মোৰ
কিমান গধূলি পুৱা।
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে।
শুনিছানে সেই সুৰ
পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান—
"ভালপোৱা ভালপোৱা।।"
(৪)
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব।
তগৰ ফুলে নুশুৱায়
কপউ ফুলে শুৱাব।
কপউ ফুলে নুশুৱায়
(যদি) ঘিলা খোপাতে তোৰ,
হিয়া ফুল পাৰি দিম
(গুজি) খোপাতে মনোহৰ।
মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰ ধন
মেঘৰ বুকু ফালি ছিঙিম
বিজুলী ফুল শুৱন;
মাণিক ফুলে নুশুৱায়
(যদি) সাতসৰীতে তোৰ
(হিয়া) ফালি উলিয়াই পিন্ধাম
তেজাল পোৱাল-মণি মোৰ।
(৫)
কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি- "হায় হায়!!"
মেলি ধুমুহা তাইৰ ক'লা চুলি টাৰ
লুকুৱাই তৰা-জোন কৰে যেন এন্ধাৰ।
ক'তেনো
বা অকৰুণ সেই কাৰাগাৰ,
য'ত মোৰ
প্ৰিয়া আছে মোৰ হিয়াত নাই?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওণৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ,
লগে লগে হয় মোৰ জীৱন বিষাণ।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ—
"মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই!!”
(৬)
এয়ে মোৰ শেষ গান।
মোৰ জীৱন-নাটৰ শেষ ৰাগিণী
কল্যাণ খৰমান।
পাতনিতে বালোঁ ধেমালি নান্দী
ভঙ্গী সূত্ৰধাৰ
হাঁহি বিননিয়ে ভাও দিলোঁ নানা
বোৱালোঁ অশ্রুধাৰ
নৱ নৱ ৰসে বালোঁ ভাব নাৱ
আশাৰ নিৰাশাৰ
আজি হ'ব মোৰ জীৱন নাটৰ
ভাৱনাৰ অৱসান।।
নীল আকাশত পুৱতি তৰাই
ঢিমিকি ঢিমিকি জ্বলে
সিও যাব নুমি একে নিশাহতে
বেলিৰ পোহৰ পালে।
ঠগীৰ লগৰে বন্তিৰ শিখা
নুমো নুমোকই নাচে
খৰমান তালৰ কল্যাণ ৰাগৰ
ছেৱে অপৰূপ ঠাঁচে।
দোষে গুণে হ'ল ভাৱনাৰ শেষ
পুৱতি তৰাও নুমে
বাঁহৰ আগেদি ঊষাৰ বেলিয়ে
ৰঙা মুখ তুলি জুমে
শিখাৰ লগৰী বিদায় ৰাগিণী
ৰাইজৰ পদ চুমে
আজি হ'ল মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান।।
(৭)
"সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালি,
পূজাৰী অ' সুন্দৰ পূজাৰী।” (২)
জাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্রাণ মন ভৰি!
"পূজাৰী অ' সুন্দৰ পূজাৰী।”
তোৰে পৰশতে
প্রাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মূৰতি
উঠি ভাহি ফুৰে উৰি
"পূজাৰী অ' সুন্দৰ পূজাৰী।"
"থাপনা থাপিলি
প্রতিমা বহালি
পূজাও কৰিলি
সুৰৰে মুৰতি গঢ়ি
পূজাৰী অ' সুন্দৰ পূজাৰী।"
শঙ্খ বজোৱা
বৰকাঁহ বজোৱা
আবতি লগোৱা
বন্তি জ্বলোবা
অতি উলাহেবে আদৰি।
"পূজাৰী অ' সুন্দৰ পূজাৰী।"
(৮)
বিশ্ববে ছন্দে ছন্দে
মহানন্দে আনন্দে
নাচা
নাম তমোহৰ দেউ! নাচা!
বন্দে বন্দে
আজি সৱ ভকত বৃন্দে
তব চৰণ কমল বন্দে।
জ্বলোৱা সাগ্নিক
তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি;
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
উঠক নাচি
অজান এন্ধাৰ বিনাশি
পুলকানন্দে!...
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনি ধৰণী—
পুষ্পিত সুবাসিত গন্ধে!
(৯)
(আজি) মন্দিৰ দুৱাৰ খোলা!
বহে মিলনৰ উৎসৱ মেলা!
শুনো মঙ্গল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ।
হ'ল যে
পূজাৰে বেলা।
মন্দিৰ দুৱাৰ খোলা।
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি।
ফুলনিৰ তলসৰা
তুলি ফুল মনোহৰা
গাঁথিলোঁ উলাহে মালা
হ'ল যে
পূজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা।
(১০)
তেজৰ বোলেৰে লিখি যাম ইতিহাস।
মচি যাম দীন সমাজৰ হীন পৰিহাস।।
কত শ্বহীদৰ দুখৰ জীৱনী লিখা—
কত ব্যথিতৰ বেদনাৰ ছবি আঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা—
ৰচি যাম বহু শোষিতৰ হা-হুতাশ।।
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁথি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
জেউতিৰ নৱজিলিকনি দিম মেলি।।
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সন্মান
মৰা জগতৰ হৃদয়ত ঢালি প্রাণ
আনিম ধৰাত চিৰ শান্তিৰ আভাস।।
(১১)
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম।
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম।
কিনকিনিয়া চকুৰ লোৰে
হুমুনিয়াহৰ ভাপকণেৰে।
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই।
বিজুলী নটীৰ নাচোনটি চাই
ডেও দি ডেও দি নাচিম।।
(১২)
নিচলা আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনীয়া।
খোপাত কপৌ ফুল
হাতত জেতুকাৰ বোল
মুখত কিহৰ বোল
সজোৱা বোলোৱা
বিজ্ঞান প্রজ্ঞান লৈ
আগবাঢ়ি যোৱা।
কবিতাৰে মোহচন্দ
পাহৰি পেলোৱা অ'
পাহৰি পেলোৱা
বিলাসিনীৰ বেশ ধৰি
অগনি জ্বলোৱা অ' জ্বলোৱা
বিজ্ঞান প্রজ্ঞান লৈ
আগবাঢ়ি যোৱা।
No comments:
Post a Comment