অতীজৰে পৰা শিল্পী-সাহিত্যিকে যৌনতা বা মানুহৰ জৈৱিক তাড়নাক সাহিত্য, চিত্ৰকৰ্ম, ভাস্কৰ্য আদিৰ মাজেৰে কলাত্মকভাৱে প্ৰকাশ কৰাৰ প্ৰয়াস কৰি আহিছে। তাৰে একাংশ যিদৰে সফল হৈছে, তাৰ বিপৰীতে অন্য এটা বৃহৎভাগ ব্যৰ্থ হৈছে আৰু যৌনতাক আভৰণহীন ৰূপত প্ৰকাশ কৰাৰ বাবে কটূ সমালোচনাৰো সন্মুখীন হৈছে। চলচ্চিত্ৰৰ ক্ষেত্ৰতো কথাবোৰ ইয়াৰ ব্যতিক্ৰম নহয়। পাশ্চাত্য চলচ্চিত্র জগতৰ কথা বাদেই, হিন্দী আনকি অসমীয়াৰ দৰে প্ৰাদেশিক ভাষাৰ চলচ্চিত্ৰসমূহো এইদিশ বৰ্তমান। শেহতীয়াকৈ ৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা হিমাংশু প্ৰসাদ দাস পৰিচালিত ‘বুলু ফিল্ম' চলচ্চিত্ৰখনো এই প্ৰসংগত বহুলভাৱে চর্চালৈ আহিছে।
কথাছবিখনৰ ভিতৰভাগত ক’ভিডকালীন ভয়াবহ পৰিস্থিতিত লক্ডাউনে আনি দিয়া অর্থনৈতিক
সংকটৰ পৰা পৰিত্ৰাণ বিচাৰি তিনিজন গাঁৱলীয়া বন্ধুৱে গ্ৰহণ কৰা ‘ব্লু ফিল্ম’ বা যৌন চলচ্চিত্ৰ নির্মাণৰ সিদ্ধান্ত আৰু
তাক সাকাৰ ৰূপ দিয়াৰ নিমিত্তে কৰা কর্মকাণ্ডই ঠাই পাইছে৷ অসমীয়া গ্ৰাম্য সমাজৰ পটভূমিত
লক্ডাউনৰ সময়ত খাটি খোৱা জনতাৰ কেনে দুৰাৱস্থা হৈছে,
তাৰ ৰুঢ় বাস্তৱ ৰূপায়ণ চেষ্টা কৰা হৈছে যদিও কেৱল ধনৰ অভাৱতে নৈতিক আৰু
পাৰম্পৰিক সংস্কাৰ পাহৰি নগ্ন চলচ্চিত্ৰ নির্মাণ কৰা প্ৰসংগটো ‘অসমৰ প্ৰেক্ষাপট’ত মানি ল’ব পৰা
বিধৰ নহয়৷ এই ধাৰণাটোৱে যেন কোনোবাখিনিত ছবিখনক অসমৰ প্ৰকৃত সমাজ বাস্তৱতাৰপৰা আঁতৰাই
নিছে৷
অৱশ্যে, পুৰুষ চৰিত্ৰ তিনিটাই ‘ব্লু ফিল্ম’ৰ নায়িকা বিচাৰি ফুৰা কার্যক যি ৰসাত্মক আৰু মনোৰঞ্জকভাৱে দর্শকৰ আগলৈ উলিয়াই
দিয়া হৈছে; সেয়া সঁচাই প্ৰশংসনীয়৷ লগতে প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাস, চাংকু নাথ আৰু অপূর্ব বর্মনৰ অভিনয়
দর্শকক ধৰি ৰাখিব পৰাকৈ সুন্দৰ৷ বিশেষকৈ, ছবিখনৰ শেষৰ অংশত প্ৰণামী
বৰাৰ অভিনয়ে দর্শকৰ মনত এক শিহৰণ জগাব পাৰে৷
ছবিখনৰ শেষফালে ‘বুলু বাই’ নামৰ অকালতে
বিধৱা হোৱা সমাজ বহিস্কৃতা নাৰী এগৰাকীক লৈ যৌন ছবিৰ দৃশ্যগ্ৰহণ কৰোঁতে প্ৰসন্ন আৰু
আলোক নামৰ দুয়োটা চৰিত্ৰই অস্বস্তি বোধ কৰিছে আৰু যেতিয়া তাৰ কিছু সময়ৰ পাছত
‘বুলু বাই’এ আত্মহত্যা কৰিছে, তেতিয়াও তিনি বন্ধুৰ মুখত অনুশোচনাৰ ভাব ফুটি উঠিছে৷ তৎসত্তেও তেওঁলোকে গ্ৰহণ
কৰা ভিডিঅ’টো আপলোড নকৰাকৈ থকা নাই৷ কিন্তু প্ৰশ্ন হয়,
কোনো মনোমালিন্য নথকা এগৰাকী নাৰীৰ চিতাত হাত সেকি আহি সেই মৃতকৰ অশ্লীল
ভিডিঅ’ আপলোড কৰিব পাৰেনে? ইমান মানসিক
অৱক্ষয় আমাৰ হৈছেনে? চলচ্চিত্ৰসমূহ সদায় ইতিবাচকতা বা আশাবাদেৰেই
শেষ হ’ব লগিব বুলি কোনো ধৰা-বন্ধা নিয়ম
নাই৷ তথাপি, এই চলচ্চিত্ৰখনে যেন সামৰণিত ইতিবাচক কিবা এটা বেছি
দাবী কৰিছিল৷ আকৌ, ‘বুলু বাই’ চৰিত্ৰটোৱে
সামাজিকভাৱে বাৰে বাৰে অপমানিত হৈও প্ৰকাশ্যভাৱে কোনো প্ৰতিবাদ কৰা নাই৷ তাৰ বিপৰীতে,
তথাকথিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধাচাৰণ কৰিয়েই তেওঁ ব্লু ফিল্ম নায়িকা
হৈছে আৰু ‘এইখন মানুহে দেখিব লাগিব’ বুলি
মৌন অথচ সবল প্ৰতিবাদ কৰি মৃত্যুক আকোঁৱালি লৈছে৷ সেইফালৰ পৰা ‘বুলু বাই’ চৰিত্ৰটোৰ নির্মাণ শলাগ ল’বলগীয়া৷
অসমীয়া চলচ্চিত্ৰ জগতত ‘বুলু ফিল্ম’ নিঃসন্দেহে হিমাংশু প্ৰসাদ দাসৰ এক সাহসী সম্পৰীক্ষা। তথাপি, গভীৰভাৱে ভাবি চালে তাৰ মাজত যৌনতাৰ অতিৰঞ্জিত ব্যৱহাৰে এচাম নিৰ্দিষ্ট শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা আৰু ব্যৱসায়িক মুনাফা অর্জনৰ প্ৰচেষ্টা স্পষ্টভাৱে ধৰিব পাৰি। অন্য কথাত ক’বলৈ গ’লে ছবিখনত ‘যৌনতা’ই এক অমোঘ অস্ত্ৰৰ দৰে কাম কৰিছে; যি ছবিখনৰ দর্শকৰ সংখ্যা বৃদ্ধি কৰিছে, সমাদৃত কৰিছে৷ অন্যথা কাহিনীবস্তুৱে দাবী নকৰা কিছু অসামাজিক যৌনগন্ধী দৃশ্য অন্তভূর্ক্তিৰ কোনো বেলেগ অর্থ নাছিল৷
এইখিনিতে যৌন আকাংক্ষা বা যৌন সমস্যাক লৈ ২০১৭ চনতে মুক্তি লাভ কৰা কংকন ডেকা পৰিচালিত ‘Beautiful Lives’ শীর্ষক চলচ্চিত্ৰখনৰ কথা মনলৈ আহিছে৷ শাৰীৰিকভাৱে পংগু হোৱা এজন ডেকা যুৱকৰ যৌন কামনা, স্বপ্নদোষৰ সমস্যা আৰু তাক লৈ এগৰাকী বৃদ্ধা মাতৃৰ সংকোচ-বেদনাক যি শক্তিশালী ৰূপত উপস্থাপণ কৰা হৈছিল; সেই শক্তিশালী আৰু কুশলী উপস্থাপন ‘বুলু ফিল্ম’ত নাই৷ বিষয় উপস্থাপনৰ বেলিকা প্ৰকৃত শিল্পৰ বাবে প্ৰয়োজনীয় ওৰণিখন ক’ৰবাত যেন ‘বুলু ফিল্ম’এ হেৰুৱাইছে৷
No comments:
Post a Comment