সাম্প্ৰতিক সময়ৰ অসমীয়া কথা সাহিত্যিকসকলৰ ভিতৰত যিসকল গল্পকাৰে নিজস্ব বিশেষত্ব তথা কথনশৈলীৰে অসমীয়া সাহিত্যক নতুনত্ব দিশে আগুৱাই নিছে, সেই সকল গল্পকাৰৰ ভিতৰত মৌচুমী কন্দলী বিশেষভাৱে উল্লেখযোগ্য। অধ্যাপনা, কলা-সমালোচনা আদিৰ লগত জড়িত মৌচুমী কন্দলীৰ গল্প সংকলন কেইখন হল ― লামবাদা নাচৰ শেষত (১৯৯৮), তৃতীয়ত্বৰ গল্প (২০০৭), মক্ড্ৰিল (২০১০),ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ(২০১৫) ইত্যাদি। উল্লেখযোগ্য যে, 'লামবাদা নাচৰ শেষত' সংকলনৰ বাবে তেখেতে মুনীন বৰকটকী বঁটা লাভ কৰিছে।
'লামবাদা নাচৰ শেষত' মৌচুমী কন্দলীৰ এটা বহু চৰ্চিত গল্প। ডঃ প্ৰফুল্ল কটকীয়ে গল্পটো আলোচনা কৰি লিখিছে যে― কাৰ্বি সমাজ জীৱন তথা লোকবিশ্বাস আৰু কাৰ্বি আংলংৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ পটভূমিত ইয়াক ৰচনা কৰা হৈছে। কাৰ্বি সমাজৰ অতীত আৰু সেই সমাজৰ ভৱিষ্যতৰ আশা-বাসনাৰ ইংগিত চমাঙ নামৰ দিল্লীত পঢ়ি থকা কাৰ্বি ডেকাজনৰ মাধ্যমত প্ৰকাশ কৰা হৈছে। কাৰ্বি আংলং সহজ সৰল জীৱনৰ পৰা আঁতৰি গৈ মহানগৰীৰ অভিলাষী জীৱন-যাত্ৰাত অভ্যস্ত হৈ পৰা ডেকাটিৰ ভৱিষ্যতৰ স্বপ্নত আছে বহুজাতিক কোম্পানীৰ দামী চাকৰি― শিক্ষা দীক্ষা লৈ নিজৰ ঠাইখনলৈ ঘূৰি আহি তাৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰাৰ তাৰ এসময়ৰ আগ্ৰহ আজি নাইকিয়া হৈ গৈছে। তাৰ মনৰ জগত অধিকাৰ কৰিছে অচলা চাণ্ডে নামৰ এজনী আধুনিকাই। এয়া হল গল্পটোৰ বুনিয়াদ। ইয়াতে খোপনি পুতি কাহিনীভাগ আগবাঢ়িছে। চমাঙে দিল্লীত বেলেগ বেলেগ দেশৰ কিছুমান নাচো শিকিছে। তাৰে এটা ব্ৰাজিলিয়ান নাচ লামবাদা। সেই নাচটোৰ নামেৰেই গল্পকাৰে গল্পটোৰ নামকৰণ কৰিছে।
গল্পটোৰ মূলতঃ এটা পৰিস্থিতিৰ ৰূপায়ন―কেইটামান কাৰ্বি ডেকাই চমাঙক লগত লৈ ভোজ-ভাত খাই, নিচা লগাই, চাং ঘৰটোৰ দাঁতিত একুৰা জুইৰ কাষত বহি ৰাতিটো কটাইছে― কাহিনীটোত তাৰে বিৱৰণ আছে। কিন্তু ই গতানুগতিক বিৱৰণ নহয়। চমাঙক কেন্দ্ৰ কৰি অতীত আৰু বৰ্তমানক ইয়াক দীঘ বাণিক বৈ পেলোৱা হৈছে। ফলত ই এক একত্ৰিত অৱয়বিক ৰূপ লাভ কৰিছে।
কাৰ্বি আংলঙৰ সাম্প্ৰতিক হিংসা-জৰ্জৰিত পৰিস্থিতিৰ কথায়ো ইয়াত ঠাই পাইছে। কিন্তু বিশেষ উল্লেখৰ যোগেদি নহয়― কথাৰ লাচতহে ― "কেইদিনমানৰ আগতে মৰা গাহৰিৰ দৰে হানি পেলোৱা এটা মানুহ, গাঢ় তেলেটীয়া তেজৰ চেকুৰাবোৰেৰে হাবিৰ মাজত চিৎভোলোকা খাই পৰি আছিল। সেইটো পাহাৰত কাহানিও নোহোৱা নোপোৱা ঘটনা। লাহে লাহে যেন দিন-কালবোৰ সলনি হবলৈ ধৰিছে। বাহিৰত নিজম পৰি থাকিলেও ভিতৰত কিবা এটাই গুমগুমাই আছে!...তাইৰ ভাব হল, কৰবাত যেন এটা চৰাই মকৰাজালত লাগি ছটফটাই আছে...।"
কাৰ্বি লোকবিশ্বাসৰ কথাৰে আৰম্ভ হোৱা গল্পটোৰ প্ৰথম অংশটোত সেই সমাজৰ অতীতৰ ছবি এখন মনোগ্ৰাহীকৈ অঁকা হৈছে। প্ৰাচীন, সহজ-সৰল, জীৱন-ধাৰা আৰু আধুনিক। আত্মকেন্দ্ৰিক জীৱন-ধাৰাৰ মাজৰ সংঘাতে সৃষ্টি কৰা জনজীৱনৰ মনৰ দ্বিধা আৰু অনিশ্চয়তাৰ কথা সামৰণিৰ গীত ফাঁকিত প্ৰতিফলিত হৈছে। পৰিবেশ আৰু পৰিস্থিতি বিশেষৰ একত্ৰে এক নিটোল ৰূপায়ণত গল্পটোৱে গঢ় লৈছে।
আকৌ গল্পটোৰ সম্পৰ্কে ডঃ হীৰেণ গোহাঁইয়ে লিখিছে―"ইয়াত পৰম্পৰাগত কাৰ্বি জীৱন যাত্ৰাৰ নিটোল পৰিপূৰ্ণতা, স্থিৰতা আৰু প্ৰাণৱন্ত তাৎপৰ্যৰ বিপৰীতে আধুনিক নাগৰিক জীৱন যাত্ৰাৰ অস্থিৰতা, অগভীৰতা আৰু অৰ্থহীনতাৰ বিপন্ন চেতনা মৰ্মস্পৰ্শীভাৱে ব্যক্ত হৈছে জনজাতীয় সমাজৰ আশ্ৰয় এৰি দিল্লীত আত্মপ্ৰতিষ্ঠাৰ চেষ্টা কৰা এজন কাৰ্বি যুৱকৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে। এই উপলব্ধিৰ ৰূপায়ন গীতি কবিতাৰ দৰে সৰল অথচ বলিষ্ঠ। কিন্তু প্ৰশ্ন উঠে, কাৰ্বি যুৱকজনে জনজাতীয় পৰিধিৰ পৰা ওলাই যাবলৈ বিচৰা আকাংখ্যাটোক নাকচ কৰিব পাৰিনে? জনজাতীয় সৰলতা আৰু সংকীৰ্ণতাৰ উৰ্দ্ধত উঠাৰ প্ৰচেষ্টাক এক সৎ মানৱীয় আকাংক্ষা বুলিব নোৱাৰি জানো? সেই আকাংক্ষাক আজিৰ পুঁজিবাদী সভ্যতাই পথভ্ৰষ্ট কৰিছে বুলিয়েই তাক অশুভ আৰু ক্ষতিকাৰক বুলি ধৰি লোৱা উচিত হবনে? এই কথা ঠিক যে এটা গল্প এটা বিতৰ্কৰ এক পক্ষৰ যুক্তি নহয়। কিন্তু সমগ্ৰ গল্পটোৰ আৱেদন বৃদ্ধি হব যদি তাৰ যৌক্তিক সঁজাটোও সবল হয়।" (সংযোজন, লামবাদা নাচৰ শেষত)
মুঠৰ ওপৰত, বিষয়বস্তু, পৰিবেশ চিত্ৰণ, চৰিত্ৰৰ মনোজগতৰ বাস্তৱ অংকন, কাৰ্বি আংলংৰ সমকালীন চিত্ৰ প্ৰতিফলন তথা উপস্থাপন শৈলী―সকলো ফালৰে পৰা কেৱল মৌচুমী কন্দলীৰে নহয় সমগ্ৰ অসমীয়া চুটিগল্পৰে এটা শ্ৰেষ্ঠ গল্প।
No comments:
Post a Comment