Monday, June 28, 2021

মনোজ কুমাৰ গোস্বামীৰ চুটিগল্প : নিৰ্বান্ধৱ

 সৌৰভ কুমাৰ চলিহাই সবল কৰি তোলা অসমীয়া চুটিগল্পৰ আধুনিকতাবাদী চুটিগল্পৰ ধাৰাৰ নগেন শইকীয়া, শীলভদ্ৰ অপূৰ্ব শৰ্মা, দেৱব্ৰত দাস আদিৰ মাজত মনোজ কুমাৰ গোস্বামী অন্যতম। ঈশ্বৰহীনতা(১৯৮৬), স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে(১৯৯৩), মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ(১৯৯৪), এলুমিনিয়ামৰ আঙুলি(২০১০)) আদি গল্প সংকলনৰ যোগেদি মনোজ কুমাৰ গোস্বামীয়ে ইতিমধ্যে সমাদৰ লাভ কৰিছে। 

          আধুনিক মানুহৰ জীৱন চৰ্যাৰে নিৰ্মিত মনোজ গোস্বামীৰ গল্পত মানৱ মনত একাকীত্ব, অস্তিত্ববাদী চেতনা, নগৰ চেতনা, সমকালীন সমাজ তথা ৰাজনৈতিক চেতনা ইত্যাদি বিশেষত্ব পৰিলক্ষিত হয়।  সমাজৰ দ্ৰুত পৰিৱৰ্তনে আনি দিয়া নিঃসংতা, বিচ্ছিন্নতা আৰু একাকীত্বই ব্যক্তি বাস্তৱিক আৰু মানসিক উভয় জগতক কিদৰে সংকুচিত কৰি তুলিছে, তাৰ সাৰ্থক প্ৰকাশ মনোজ কুমাৰ গোস্বামীৰ গল্পত পোৱা যায়। আলোচ্য 'নিৰ্বান্ধৱ' গল্পটোও এই শ্ৰেণীৰে এটা উৎকৃষ্ট গল্প। 

          'নিৰ্বান্ধৱ' গল্পটোত মুখ্য চৰিত্ৰ বিষ্ণু দত্তই অফিচৰ পৰা উভতি আহোঁতে এখন ইনলেণ্ড কাৰ্ড বাটত হেৰাই পাইছে আৰু তাৰ পাছত তেওঁ কালৈ চিঠিখন লিখিব পাৰি, তাকে ভাবিছে। কিন্তু বহু চিন্তা, বহু মানসিক কষ্টৰ পাছতো তেওঁ এজন আত্মীয়-বন্ধু বিচাৰি নাপালে, যালৈ তেওঁ চিঠিখন লিখিব পাৰে। শৈশৱৰ বন্ধুৰ পৰা সহোদৰ ভাই আৰু প্ৰাক্তন প্ৰেমিকালৈকে এজন এজনকৈ অতীত স্মৃতি ৰোমন্থন কৰি তেওঁ বৰ্তমানৰ প্ৰেক্ষাপটত তেওঁলোকৰ স্থান নিৰূপণৰ চেষ্টা কৰিছে আৰু উত্তৰত মাথোঁ পাইছে একোটাকৈ বিৰাট শূণ্য। লগতে, এনে কিছুমান চৰিত্ৰৰ কথাও তেওঁ ভাবিছে, যিবোৰ এটা সময়ত তেওঁৰ সময়ৰ সংগী আছিল আৰু এতিয়া তেওঁলোকৰ ঠিকনাটো ৰখাৰ প্ৰয়োজন অনুভৱ তেওঁ কৰা নাই। শেষত প্ৰকৃত আত্মীয়ৰ ঠিকনা নাপাই তেওঁ নিজলৈকে চিঠি লিখিছে আৰু নাটকীয়ভাৱে গল্পটো শেষ হৈছে।

         গল্পটোৰ আলোচনা কৰি গৱেষক অংকুৰ জ্যোতি তালুকদাৰে লিখিছে― "গল্পটোৰ শিৰোনামটো অতি সাৰ্থক। বান্ধৱ-হীন জীৱনৰ গৰাকী হ'ল বিষ্ণু দত্ত। সময় আৰু পৰিস্থিতিয়ে তেওঁৰ পৰা আত্মীয় স্বজনৰ লগতে বন্ধু-বান্ধৱকো আঁতৰাই নিছে আৰু একাকীত্বই লাহে লাহে তেওঁক নিজৰ পৰাই বিচ্ছিন্ন কৰি তুলিছে। এই উপলব্ধিৰে তেওঁ চিঠিখনত লিখিছে 'এই যে আমি ইটোৱে সিটোৰ পৰা বহুদূৰ আঁতৰি যাওঁ, আচলতে ই আমি নিজৰ পৰাই আঁতৰি যোৱাৰ নিচিনা হয়।' গল্পটোৰ সমৰণিত আমি সেয়ে দেখোঁ নিজলৈ ইনলেণ্ড লেটাৰখন দি এপিনে নিজৰ আত্মীয়হীন অৱস্থাৰ কথা ব্যঞ্জনাময় ৰূপত প্ৰকাশ কৰিছে, আনপিনে নিজৰ অস্তিত্বৰ খবৰ নিজকে দিছে। আপাত দৃষ্টিত গল্পৰ পৰিসমাপ্তি নিৰাশাজনক। গল্পৰ সমাপ্তিয়ে পাঠকৰ মন মগজুক জীৱন আৰু বাস্তৱ সম্পৰ্কীয় বহুকেইটা প্ৰশ্নই ভাৰাক্ৰান্ত কৰি তোলে। ভুল-শুদ্ধ, আপোন-পৰ, ভাল-বেয়া, স্বাৰ্থ-নিঃস্বাৰ্থৰ মাজৰ সীমাৰেখাবোৰ ধুৱলী-কুঁৱলী হৈ পৰে। আধুনিক আৰু পৰম্পৰাৰ দ্বন্দত পাঠক বিদ্ধ হয় আৰু নিজক প্ৰশ্ন কৰিবলৈ বাধ্য হয়, আধুনিক জীৱনৰ গতিময়তাত আমিও নিৰ্বান্ধৱ নেকি?" 


অধিক জানিবলৈ চাওক : 

(১) অসমীয়া চুটিগল্প:ঐতিহ্য আৰু বিৱৰ্তন― অপূৰ্ব বৰা(সম্পা)

(২) প্ৰসংগঃ সাম্প্ৰতিক অসমীয়া সাহিত্য― লুটফা হানুম চেলিমা বেগম (সম্পা) 

(৩) অসমীয়া চুটিগল্প সংকলন(তৃতীয় খণ্ড) ― হোমেন বৰগোহাঞি (সম্পাদনা) 

Sunday, June 27, 2021

মৌচুমী কন্দলীৰ গল্প : 'লামবাদা নাচৰ শেষত'

        সাম্প্ৰতিক সময়ৰ অসমীয়া কথা সাহিত্যিকসকলৰ ভিতৰত যিসকল গল্পকাৰে নিজস্ব বিশেষত্ব তথা কথনশৈলীৰে অসমীয়া সাহিত্যক নতুনত্ব দিশে আগুৱাই নিছে, সেই সকল গল্পকাৰৰ ভিতৰত মৌচুমী কন্দলী বিশেষভাৱে উল্লেখযোগ্য। অধ্যাপনা, কলা-সমালোচনা আদিৰ লগত জড়িত মৌচুমী কন্দলীৰ গল্প সংকলন কেইখন হল ― লামবাদা নাচৰ শেষত (১৯৯৮), তৃতীয়ত্বৰ গল্প (২০০৭), মক্‌ড্ৰিল (২০১০),ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ(২০১৫) ইত্যাদি। উল্লেখযোগ্য যে, 'লামবাদা নাচৰ শেষত' সংকলনৰ বাবে তেখেতে মুনীন বৰকটকী বঁটা লাভ কৰিছে। 

        'লামবাদা নাচৰ শেষত' মৌচুমী কন্দলীৰ এটা বহু চৰ্চিত গল্প। ডঃ প্ৰফুল্ল কটকীয়ে গল্পটো আলোচনা কৰি লিখিছে যে― কাৰ্বি সমাজ জীৱন তথা লোকবিশ্বাস আৰু কাৰ্বি আংলংৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ পটভূমিত ইয়াক ৰচনা কৰা হৈছে। কাৰ্বি সমাজৰ অতীত আৰু সেই সমাজৰ ভৱিষ্যতৰ আশা-বাসনাৰ ইংগিত চমাঙ নামৰ দিল্লীত পঢ়ি থকা কাৰ্বি ডেকাজনৰ মাধ্যমত প্ৰকাশ কৰা হৈছে। কাৰ্বি আংলং সহজ সৰল জীৱনৰ পৰা আঁতৰি গৈ মহানগৰীৰ অভিলাষী জীৱন-যাত্ৰাত অভ্যস্ত হৈ পৰা ডেকাটিৰ ভৱিষ্যতৰ স্বপ্নত আছে বহুজাতিক কোম্পানীৰ দামী চাকৰি― শিক্ষা দীক্ষা লৈ নিজৰ ঠাইখনলৈ ঘূৰি আহি তাৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰাৰ তাৰ এসময়ৰ আগ্ৰহ আজি নাইকিয়া হৈ গৈছে। তাৰ মনৰ জগত অধিকাৰ কৰিছে অচলা চাণ্ডে নামৰ এজনী আধুনিকাই। এয়া হল গল্পটোৰ বুনিয়াদ। ইয়াতে খোপনি পুতি কাহিনীভাগ আগবাঢ়িছে। চমাঙে দিল্লীত বেলেগ বেলেগ দেশৰ কিছুমান নাচো শিকিছে। তাৰে এটা ব্ৰাজিলিয়ান নাচ লামবাদা। সেই নাচটোৰ নামেৰেই গল্পকাৰে গল্পটোৰ নামকৰণ কৰিছে। 

        গল্পটোৰ মূলতঃ এটা পৰিস্থিতিৰ ৰূপায়ন―কেইটামান কাৰ্বি ডেকাই চমাঙক লগত লৈ ভোজ-ভাত খাই, নিচা লগাই, চাং ঘৰটোৰ দাঁতিত একুৰা জুইৰ কাষত বহি ৰাতিটো কটাইছে― কাহিনীটোত তাৰে বিৱৰণ আছে। কিন্তু ই গতানুগতিক বিৱৰণ নহয়। চমাঙক কেন্দ্ৰ কৰি অতীত আৰু বৰ্তমানক ইয়াক দীঘ বাণিক বৈ পেলোৱা হৈছে। ফলত ই এক একত্ৰিত অৱয়বিক ৰূপ লাভ কৰিছে। 

        কাৰ্বি আংলঙৰ সাম্প্ৰতিক হিংসা-জৰ্জৰিত পৰিস্থিতিৰ কথায়ো ইয়াত ঠাই পাইছে। কিন্তু বিশেষ উল্লেখৰ যোগেদি নহয়― কথাৰ লাচতহে ― "কেইদিনমানৰ আগতে মৰা গাহৰিৰ দৰে হানি পেলোৱা এটা মানুহ, গাঢ় তেলেটীয়া তেজৰ চেকুৰাবোৰেৰে হাবিৰ মাজত চিৎভোলোকা খাই পৰি আছিল। সেইটো পাহাৰত কাহানিও নোহোৱা নোপোৱা ঘটনা। লাহে লাহে যেন দিন-কালবোৰ সলনি হবলৈ ধৰিছে। বাহিৰত নিজম পৰি থাকিলেও ভিতৰত কিবা এটাই গুমগুমাই আছে!...তাইৰ ভাব হল, কৰবাত যেন এটা চৰাই মকৰাজালত লাগি ছটফটাই আছে...।" 

        কাৰ্বি লোকবিশ্বাসৰ কথাৰে আৰম্ভ হোৱা গল্পটোৰ প্ৰথম অংশটোত সেই সমাজৰ অতীতৰ ছবি এখন মনোগ্ৰাহীকৈ অঁকা হৈছে। প্ৰাচীন, সহজ-সৰল, জীৱন-ধাৰা আৰু আধুনিক। আত্মকেন্দ্ৰিক জীৱন-ধাৰাৰ মাজৰ সংঘাতে সৃষ্টি কৰা জনজীৱনৰ মনৰ দ্বিধা আৰু অনিশ্চয়তাৰ কথা সামৰণিৰ গীত ফাঁকিত প্ৰতিফলিত হৈছে। পৰিবেশ আৰু পৰিস্থিতি বিশেষৰ একত্ৰে এক নিটোল ৰূপায়ণত গল্পটোৱে গঢ় লৈছে। 

         আকৌ গল্পটোৰ সম্পৰ্কে ডঃ হীৰেণ গোহাঁইয়ে লিখিছে―"ইয়াত পৰম্পৰাগত কাৰ্বি জীৱন যাত্ৰাৰ নিটোল পৰিপূৰ্ণতা, স্থিৰতা আৰু প্ৰাণৱন্ত তাৎপৰ্যৰ বিপৰীতে আধুনিক নাগৰিক জীৱন যাত্ৰাৰ অস্থিৰতা, অগভীৰতা আৰু অৰ্থহীনতাৰ বিপন্ন চেতনা মৰ্মস্পৰ্শীভাৱে ব্যক্ত হৈছে জনজাতীয় সমাজৰ আশ্ৰয় এৰি দিল্লীত আত্মপ্ৰতিষ্ঠাৰ চেষ্টা কৰা এজন কাৰ্বি যুৱকৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে। এই উপলব্ধিৰ ৰূপায়ন গীতি কবিতাৰ দৰে সৰল অথচ বলিষ্ঠ। কিন্তু প্ৰশ্ন উঠে, কাৰ্বি যুৱকজনে জনজাতীয় পৰিধিৰ পৰা ওলাই যাবলৈ বিচৰা আকাংখ্যাটোক নাকচ কৰিব পাৰিনে? জনজাতীয় সৰলতা আৰু সংকীৰ্ণতাৰ উৰ্দ্ধত উঠাৰ প্ৰচেষ্টাক এক সৎ মানৱীয় আকাংক্ষা বুলিব নোৱাৰি জানো? সেই আকাংক্ষাক আজিৰ পুঁজিবাদী সভ্যতাই পথভ্ৰষ্ট কৰিছে বুলিয়েই তাক অশুভ আৰু ক্ষতিকাৰক বুলি ধৰি লোৱা উচিত হবনে? এই কথা ঠিক যে এটা গল্প এটা বিতৰ্কৰ এক পক্ষৰ যুক্তি নহয়। কিন্তু সমগ্ৰ গল্পটোৰ আৱেদন বৃদ্ধি হব যদি তাৰ যৌক্তিক সঁজাটোও সবল হয়।" (সংযোজন, লামবাদা নাচৰ শেষত) 

        মুঠৰ ওপৰত, বিষয়বস্তু, পৰিবেশ চিত্ৰণ, চৰিত্ৰৰ মনোজগতৰ বাস্তৱ অংকন, কাৰ্বি আংলংৰ সমকালীন চিত্ৰ প্ৰতিফলন তথা উপস্থাপন শৈলী―সকলো ফালৰে পৰা কেৱল মৌচুমী কন্দলীৰে নহয় সমগ্ৰ অসমীয়া চুটিগল্পৰে এটা শ্ৰেষ্ঠ গল্প। 

Saturday, June 26, 2021

অসমীয়া চুটিগল্পৰ উৎপত্তি আৰু বেজবৰুৱাৰ চুটিগল্প

চুটিগল্প একেবাৰে আধুনিক যুগৰ সৃষ্টি। পৃথিৱীৰ কোনো ভাষাৰ প্ৰাচীন সাহিত্যতে চুটিগল্পৰ দৰে সাহিত্যিক ৰূপৰ ধৰা নাছিল। অসমৰ প্ৰেক্ষাপটত আধুনিক যুগৰ সূচনা হয় ১৮২৬ চনত। এই চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায় আৰু তাৰ পাছৰ পৰা অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ সমানে সমানে ভাষা-সাহিত্যৰ ক্ষেত্ৰতো আধুনিকতাৰ প্ৰভাৱ পৰে।


        অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত আধুনিক যুগ আৰম্ভ হয় ১৮৪৬ চনত ''অৰুনোদই' (অৰুনোদয়) প্ৰকাশৰ যোগেদি। অৰুনোদই আছিল অসমীয়া ভাষাৰ প্ৰথম কাকত-আলোচনী। ইয়াত দেশ বিদেশৰ বাতৰিৰ লগতে কবিতা, প্ৰবন্ধ, জীৱনী, ভ্ৰমণ ৰচনা, ধৰ্ম তথা বিজ্ঞান সম্পৰ্কীয় লেখা আদি প্ৰকাশিত হৈছিল। যদিও চুটিগল্প জন্ম অৰুনোদইৰ পাতত নহয়।
            অসমীয়া চুটিগল্পৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত 'জোনাকী' কাকতৰ যোগেদি। ১৮৮৯ চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱা জোনাকী আলোচনীৰ তৃতীয় বছৰ তৃতীয় সংখ্যাত প্ৰকাশ পোৱা 'সেউতী' গল্পটোৱে আছিল প্ৰথম অসমীয়া চুটিগল্প। উল্লেখযোগ্য যে, পাশ্চাত্যৰ আদৰ্শত গঢ় লৈছে যদিও অসমীয়া চুটিগল্পৰ জন্মৰ আঁৰত বঙলা চুটিগল্পৰ অৱদানো একেবাৰে নুই কৰিব নোৱাৰি। 
         ঊনবিংশ শতিকাৰ শেষৰ দশকত জন্ম লাভ কৰা অসমীয়া চুটিগল্পই বৰ্তমান সময়লৈকে এটা বৰ্ণাঢ্য ইতিহাস পাৰ কৰিছে। চুটিগল্পৰ এই ইতিহাসক বিশেষত্ব আৰু পৰিবৰ্তন অনুসৰি সমালোচকসকলে চাৰিটা যুগত ভাগ কৰিছে। সেইকেইটা হল― 
 ১/ জোনাকী বা বেজবৰুৱাৰ যুগ(আৰম্ভণিৰ পৰা ১৯২৯ চনলৈ) 
 ২/ আৱাহন যুগ(১৯২৯ৰ পৰা স্বাধীনতা সময়লৈ)
 ৩/ ৰামধেনু যুগ (১৯৫০–১৯৮০) 
 ৪/ উত্তৰ ৰামধেনু বা সাম্প্ৰতিক কাল (১৯৮০-বৰ্তমানলৈকে) 
  লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প :
            আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাত মুখ্য ভূমিকা গ্ৰহণ কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ প্ৰথম গল্পকাৰ। 'সেউতী' আৰম্ভ কৰা তেখেতৰ গল্পধাৰাই পৰৱৰ্তী সময়ত এক বুজন সংখ্যক গল্প ৰচনা কৰে। অৱশ্যে স্বীকাৰ কৰিব লাগিব যে, তেখেতৰ উদ্দেশ্য গল্পকাৰ হিচাপে খ্যাতি অর্জন কৰা নাছিল। তেখেতৰ উদ্দেশ্য আছিল আধুনিক অসমীয়া সাহিত্যত ন ন ধাৰাৰ আৰম্ভ কৰা, যি পৰৱৰ্তী সময়ত পত্রে পুষ্পে বিকশিত হৈ সাহিত্যৰ ভঁৰাল চহকী কৰিব।
       পৰৱৰ্তী সময়ত বেজবৰুৱাৰ চাৰিখন গল্প সংকলন প্ৰকাশ পায়। সেইকেইখন হল― সুৰভি(১৯০৯), কেঁহোকলি, জোনবিৰি আৰু সাধু কথাৰ কুঁকি। তেখেতৰ 'সুৰভি'য়েই অসমীয়া সাহিত্যৰ প্ৰথম গল্প সংকলন। বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত ― সেউতী, ভদৰী, কন্যা, পাতমুগী, পণ্ডিত মহাশয়, ধোঁৱাখোৱা, ভেমপুৰীয়া মৌজাদাৰ, ইত্যাদি গল্পৰ নাম সততে চৰ্চিত হৈ থাকে।
  বেজবৰুৱাৰ গল্পৰ বিশেষত্ব:― 
 (ক) বেজবৰুৱাৰ চুটিগল্পসমূহত সাধুকথাৰ প্ৰভাৱ অত্যন্ত বেছি। এনে লাগে যে তেওঁ চুটিগল্প আৰু সাধুকথাৰ মাজৰ বৰ বিশেষ পাৰ্থক্য ৰখা নাছিল। সেইবাবেই হয়তো তেখেতে নিজৰ এখন গল্পসংকলনৰ নাম দিছে 'সাধু কথাৰ কুঁকি'।
 (খ) সাধুকথাৰ দৰে বেজবৰুৱাৰ গল্পত ব্যক্তিচেতনাৰ পৰিৱৰ্তে এটা সামূহিক চেতনা পোৱা যায়। 
 (গ) বেজবৰুৱাই গল্পসমূহৰ যোগেদি সমসাময়িক অসমীয়া সমাজৰ ভণ্ডামী, দুৰ্নীতি পৰায়নতাক সংস্কাৰধৰ্মী মনোভাৱেৰে বিদ্ৰুপ কৰিছিল।
 (ঘ) সংস্কাৰধৰ্মী হোৱাৰ বাবে বা ব্যংগাত্মক হোৱাৰ বাবে বেজবৰুৱাৰ চুটিগল্পত চৰিত্ৰৰ মনোবিশ্লেষণৰ অভাৱ ঘটিছিল।
 (ঙ) বেজবৰুৱাৰ গল্পৰ কাহিনী বিন্যাসো যথেষ্ট শিথিল পৰিলক্ষিত হয়। 
         বেজবৰুৱাৰ সমুখত অসমীয়া চুটিগল্পৰ কোনো আদৰ্শ নথকাৰ বাবেই এনে দোষ-ত্ৰুটিপূৰ্ণতা থকাটো স্বাভাৱিক। কিন্তু এটা কথা নকলে নহব যে, পাশ্চাত্য আৰু বঙলা চুটিগল্পৰ পৰা প্ৰেৰণা লৈ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ এই ধাৰাটি শুভাৰম্ভ নকৰা হলে, হয়তো অসমীয়া চুটিগল্পৰ জন্মৰ বাবে আমি বহু সময় অপেক্ষা কৰিবলগীয়া হ'লহেতেন।


© দীপজ্যোতি বৰা, গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

অধিক জানিবলৈ চাওক― 
১/ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত―সত্যেন্দ্ৰনাথ শৰ্মা
২/ অসমীয়া সাহিত্যৰ ৰূপৰেখা― মহেশ্বৰ নেওগ
৩/ অসমীয়া সাহিত্যত দৃষ্টিপাত― হেমন্ত কুমাৰ শৰ্মা
৪/ অসমীয়া চুটিগল্প: ঐতিহ্য আৰু বিৱৰ্তন ― অপূৰ্ব বৰা(সম্পাদনা) 
৫/ অসমীয়া চুটিগল্পৰ অধ্যয়ন― প্ৰহ্লাদ কুমাৰ বৰুৱা

অসমীয়া সাহিত্যৰ প্ৰথম মহিলা কবি 'পদ্মপ্ৰিয়া আই'

     অসমীয়া সাহিত্যৰ ইতিহাসত প্ৰথমগৰাকী মহিলা সাহিত্যিক হল পদ্মপ্ৰিয়া আই। শংকৰী যুগৰ এইগৰাকী বৈষ্ণৱ গীতিকবি আছিল মহাপুৰুষ মাধৱদেৱৰ প্রিয় শিষ্য ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা। গোপালদেৱৰ দুগৰাকী পত্নীৰ ভিতৰত পদ্মপ্ৰিয়া আছিল  তেওঁৰ প্ৰথমগৰাকী পত্নী বৃন্দাৱতী(বিৰিন্দা)ৰ জীয়াৰী। উল্লেখযোগ্য যে, পদ্মপ্ৰিয়াৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাই যদিও ১৫৭০-৮০ খ্ৰীষ্টাব্দৰ ভিতৰতে জন্ম হোৱা বুলি অনুমান কৰা হয়। 

         পদ্মপ্ৰিয়াৰ ঘৰত মতা নাম আছিল 'পিৰিয়া'। চৰিত পুথিত উল্লেখ থকা মতে, তেওঁ আছিল অতি ৰূপৱতী, গুণৱতী আৰু যশস্বিনী―

        "পদ্মপ্ৰিয়া নামে ভৈলা তাহাৰ নন্দিনী

         অতি ৰূপৱতী গুণৱতী যশশ্বিনী।"

পদ্মপ্ৰিয়াই সৰুৰে পৰাই অতিথি পৰায়ণ, আদি সজ গুণবোৰ মাতৃৰ পৰাই আয়ত্ত কৰিছিল। তদুপৰি, নিজৰ মাৰ্জিত আচৰণেৰে তেওঁ মহাপুৰুষ মাধৱদেৱৰো প্ৰশংসা লাভ কৰিছিল। 

        ষোড়শ শতিকাৰ অসমত নাৰী শিক্ষাৰ কোনো ব্যৱস্থা নথকাৰ বাবে পদ্মপ্ৰিয়াৰ একমাত্ৰ ভেঁটি আছিল পিতৃ গোপালদেৱ। পিতৃয়ে তেখেতক পুথি-পাজি পঢ়িব পৰাকৈ আক্ষৰিক জ্ঞান প্ৰদানৰ লগতে আধ্যাত্মিক শিক্ষাৰেও শিক্ষিত কৰিছিল। পদ্মপ্ৰিয়া পূৰ্ণ যৌৱনা হোৱাত গোপাল আতাই তেওঁৰেই শিষ্য গজলা যদুমনিক পদ্মপ্ৰিয়াৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিছিল; যদিও গুৰুকন্যা মাতৃস্থানীয়া বুলি কৈ যদুমনিয়ে সেই প্ৰস্তাৱ অস্বীকাৰ কৰে। পৰৱৰ্তী সময়ত এজন শাক্তপন্থী লোকৰ সৈতে বিবাহ হয় বুলি কথিত আছে। কিন্তু শাক্তপন্থী স্বামীৰ লগত এক শৰণ নাম ধৰ্মত দীক্ষিত হোৱা পদ্মপ্ৰিয়াৰ মনৰ মিলন নোহোৱাত তেওঁ পিতৃগৃহলৈ উভতি আহে। জীৱনৰ বাকীচোৱা কাল পিতৃগৃহতে থাকি কিছু পদ ৰচনা কৰে আৰু আনুমানিক ১৬৩০-৪০ খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হয়। 

         বৈষ্ণৱ আদৰ্শেৰে ডাঙৰ হোৱা পদ্মপ্ৰিয়া এগৰাকী বৈষ্ণৱ গীতি কবি। গীতৰ সংখ্যা কম হলেও বিশেষকৈ কাল সংহতিৰ গীতিকাৰসকলৰ ভিতৰত তেখেতৰ এখন গুৰুত্বপূৰ্ণ অসম আছে আৰু অসমীয়া ভাষাৰ প্ৰথম মহিলা কবি হিচাপে তেওঁৰ নাম চিৰস্মৰণীয় হৈ ৰ'ব। 

 

লেখক : দীপজ্যোতি বৰা, গুৱাহাটী বিশ্ববিদ্যালয়। 

[পূৰ্ব প্ৰকাশ ― সাদিন, ০৮/০৩/২০১৯]

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

  য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’          অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল–...